পৃষ্ঠা:Kirtan Ghosha.pdf/৩২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৪
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


হস্তী হস্তিয়াৰ দুইকো জপাই।
মাৰিলন্ত গজ-দান্তে কোবাই॥ ৩৭১
মৰা কুবলয়াপীড়ক এড়ি।
পশিলা ৰঙ্গ-শালা ৰাম হৰি॥
চৌপাশে গোপগণে বেড়ি যান্ত।
দোভাইৰ কান্ধত হস্তীৰ দান্ত॥ ৩৭২
প্ৰকাশে কৃষ্ণৰ মুখ-কমল।
দেখিয় তাতে ঘৰ্ম্ম-বিন্দু জল॥
ৰুধিৰ-ছিটা তাৰ মাঝে মাঝে।
পদ-পঙ্কজত নূপুৰ বাজে॥ ৩৭৩
শ্যামল তনু তাতে পীত বাস।
কমল-লোচনে নুগুচে হাস॥
ভুলিল সমাজে কৃষ্ণক চাই।
বোলা হৰি হৰি হৰি সদায়॥ ৩৭৪


ত্ৰিংশ কীৰ্ত্তন

ঘোষা॥ হে কৃষ্ণ কৰা কৃপা পৰমানন্দ।
নজানো ভকতি মঞি মল-মতি মন্দ॥ ৩০

পদ॥ কৰিলা প্ৰকাশ ৰামে সমে সমজ্যাত।
 দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত॥