পৃষ্ঠা:Kirtan Ghosha.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৯
নাম-অপৰাধ

পৰম বান্ধৱ হৰিৰ নাম।
যিজনে আক লৱে অবিশ্ৰাম॥
তাৰ সাত কাৰ্য্য সাধিবে দেখা।
প্ৰতি প্ৰতি লৱা সাতৰো লেখা॥ ৩১
প্ৰথমে দহিবে পাতক-চয়।
কৰিবে মহাপুণ্য-অভ্যুদয়॥
কৰাইবে বিষয়ত বিৰকতি।
কৃষ্ণত পৱাইবে প্ৰেম-ভকতি॥ ৩২
উপজাইবে আতি বৈষ্ণৱ জ্ঞান।
মায়াকো দহিয়া কৰে নিৰ্য্যাণ॥
চৈতন্য-মূৰ্ত্তি পূৰ্ণানন্দ হৰি।
থৈবন্ত তেন্তেয়েৰে একে কৰি॥ ৩৩
তেৱেসে নাম হুইব উপশান্ত।
কহিলো পৰম তত্ত্ব একান্ত॥
নাম বিনে নাহি কলিত গতি।
কলিৰ লোক হুইবে পাপ-মতি॥ ৩৪
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ।
জানিবা কলিত নামেসে সাৰ॥


 পা* ৩২।। পৱাইবে—পাইবেক,হুইবেক,বাঢ়িবে।