এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ফলবোখা
>
মিলিল উৎসৱ-শুনি নাৰীগণ যত।
চাহিবাক লাগি সৱে চড়িলা গৃহত ।
কৃষ্ণক দেখিবে কাৰৰ উত্ৰাৱল চিত্ত।
পিন্ধে বক্স-অলঙ্কাৰ কৰি বিপৰীত ৩০৯
এক কর্ণে কুণ্ডল কঙ্কণ এক কৰে৷
বিমােহিত হুয়া আসে বস্ত্রো নম্বৰে |
অঞ্জনে ৰঞ্জিল মাত্র এগােটা লােচন।
কতাে কতাে নাৰীগণে এড়িল ভােজন ॥ ৩১০
পিয়ন্তে আছিল তন শিশুক এড়িল ।
কৃষ্ণক দেখিবে মনে গৃহত চড়িল ।
ৰাজপথে চলি যান্ত লীলায়ে মাধৰ।
তাসৰ নয়নৰ বঢ়ায়া উৎসৱ । ৩১১
কমল-লােচন হাসি-কটাক্ষে চাহান্তে
সমস্তে নাৰীৰ মন হৰিল একান্তে ।
যাৰ গুণ-কথক শ্রবণে আছাে শুনি।
নেত্ৰ ভৰি দেখাে হেন কৃষ্ণক আপুনি ! ৩১২
কৃষ্ণৰ কটাক্ষ হাস্যে বৰিযে অমৃত।
পূৰি মনােৰথ সৱে ভৈল কৃতকৃত্য।
নয়নৰ পথে নিয়া কৰি অভ্যন্তৰ।
আনন্দ-মুৰ্ত্তিক আলিঙ্গয় নিৰন্তৰ। ৩১৩