এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীর্তন,২৫]
.
মনৰ এড়াইল পড়া আনন্দে ভৰিল।
তনু লােমাঞ্চিত নেত্রে লােতক ঝৰিল।
সুপ্রীতি-প্রফুল্ল-মুখ-পদ্ম যত নাৰী।
গৃহৰ উপৰে চৰি হুয়া দুই শাৰী ৩১৪
ৰাম-মাধৱৰ শিৰে পুষ্প বৰিষন্ত।
মুখ-কমলক যেন নয়নে পিয়ন্ত ।
দধি-দুৰ্বাক্ষত উপায়ন পুষ্প-গন্ধে।
পদুলি পদুলি দ্বিজে পূজিল প্রবন্ধে। ৩১৫
অন্যে-অন্যে নাৰীগণে সমুধি কহয়।
কিনাে পুণ্য কৰিলে ব্ৰজৰ গােপীচয়।
দেখিয়াে আনন্দ যেন আছে মুর্তি ধৰি।
হেন ৰাম-মাধৱক দেখে নেত্ৰ ভৰি । ৩১৬
গােপী-সম ভাগ্যবতী আউৰ কেৱ নাই।
কহে সৱে নাৰীগণে অনন্যা-অন্তে চাই।
কৃষ্ণৰ কিঙ্কৰ কহে শুনা সৰ্বজন।
বােলা হৰি হৰি আছে যাৱত চেতন॥ ৩১৭