পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কল ২৫ ] পবিংশ কও ঘােষা গােৱিন্দ যদুদেৱ দীন-দয়াশীল। তুমিসি বান্ধৱ কৃষ্ণ আৱেসে জানিলাে॥২৫ পদ৷ অৰক পঠায়া গৃহক আগ কৰি। লৈয়া গােপগণ সঙ্গে ৰঙ্গে ৰাম হৰি। পৰম উৎসুকে প্ৰৱেশিলা মথুৰাত। সিটো বিতােপন পুৰী দেখিলা সাক্ষাত। ৩০৫ স্ফটিকে গষ্ঠিত পুৰ-দ্বাৰ নুহি খাট। লগায়াছে সুৱৰ্ণৰ বৃহত কপাট। হেনময় তােৰণ চিড়লে অলঙ্কত। চতুর্ভিতি গড়খাই দেখি ভয়-ভীত.৩০৬ বহুবিধ উদ্যান শশাভিত কাছে কাছে। সাৰি সাৰি গৃহসৱ প্ৰকাশন্তে আছে। হীৰা মৰকত ৰত্নে ৰঞ্জে ঠাৰে ঠাৰে। শােভা কৰে পাৰাৰত ময়ূৰৰ ৰাৱে। ৩০৭ ৰাজপৎ চৌপন্থাক সাঞ্জি-মাঞ্জি আতি। পদুলি পদুলি দীপ-ঘট আছে পাতি। হেন নগৰত পশি গােপগণ-সঙ্গে। ৰাজপথে চলি যান্ত ৰাম-কৃষ্ণ ৰঙ্গে ॥ ৩০৮