পৃষ্ঠা:Kirtan Ghosha.pdf/৩০৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গৃহক মােৰ চলা সমুদায়। পৱিত্ৰ কৰিয়াে পদ-ধূলায় ৷ শিৰত ধৰি তযু পাদোদক। লভিলা বলি মহা-ঐশ্বৰ্য্যক। ৩০০ পাইলেক পৰম জ্ঞানীৰ গতি। ভকতক দায়া কৰা সম্প্রতি। আমাক বিমুখ নকৰা স্বামী। তােমাক এড়িবে নােৱাৰৰ আমি। ৩০১ মাধৱে বােলন্ত শুনা অশ্রু। আজি আগ যায়াে মথুৰাপুৰ। জগতৰ বৈৰী মাৰি কংসক। অৱশ্যে তােমাৰ খাইবাে গৃহক। ৩০২ হেন শুনি পাছে অক্ৰৰ বীৰে। বিতুষ্ট মনে গৈল ধীৰে ধীৰে । কৃষ্ণ আসিবাৰ কংসত কৈলা। মেলানি মাগিয়া গৃহক গৈলা ॥ ৩০৩ এক মনে শুনা কৃষ্ণৰ কথা। মনুষ-জন্মক নকৰা বৃথা। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। বােলা হৰি হৰি সমস্ত জনে ৩০৪