পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তম-মােৰ (খণ্ড ১১ একবিং কীর্তন ঘেষা ৪ জয় হৰি জয় ৰাম ২১ পদ গােপ-পে নন্দ তনয় । শুভক্ষণে কৰিলা বিজয়। বাজৈ শিঙ্গা বাংশীৰ নিসান। কংসবধে কৰিলা পয়াণ ॥ ২৪৫ থে চড়ি লড়িলা মুৰাৰি। পড়ি পড়ি কান্দে গােপ-নাৰী । হৰিৰ বিৰহে তনু তাৰে । যেন ভৈল বাতুল-স্বভাৱে ॥ ২৪৬ কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়। আমাৰ প্ৰাণক কোনে নেয় । ক্ৰৰ অৰ ভৈল বৈৰী। জীৱ কাঢ়ি নেয় কেন কৰি ২৪৭ কিনাে হৰি নিদারুণ ভৈলা। গােকুল অনাথ কৰি গৈলা। কৃষ্ণ বিনে কি কৰৈ জীৱনে। আউৰ কোনে যাইবে বৃন্দাবনে। ২৪৮ প্রভাতে ৰাখিবে কোনে ধেনু। কোনে বাইবে সুললিত বেণু। 1