পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২০]
২৮৩
কংস-বধ


মাধৱৰ খোজচয় দেখিলা ভূমিত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে সুশোভিত॥
ৰথৰ নামিয়া বেগে কৃষ্ণ কৃষ্ণ বুলি।
শিৰে আনি ঘষিলা খোজ যত ধূলি॥ ২৪০
পাছে গৈয়া কৃষ্ণক দেখিলা আনন্দতে।
কৃষ্ণ কৃষ্ণ বুলিয়া পড়িলা দণ্ডৱতে॥
কৃষ্ণে ধৰিলন্ত তাঙ্ক আঙ্কোৱালি তুলি।
সতকাৰ কৰিলা অক্ৰূৰ খুড়া বুলি॥ ২৪১
অক্ৰূৰে ভকতি-পথে যতেক বাঞ্ছিলা।
কৃষ্ণো তান সৱে মনোৰথক পূৰিলা॥
কহিলন্ত অক্ৰূৰো কংসৰ বিচেষ্টাক।
মথুৰাক যাইবাক সাজিলা গোপঝাক॥ ২৪২
শকটে উঠিয়া লড়ি নন্দ গোপ-ৰাজ।
ৰজনী-প্ৰভাতে ৰাম-কৃষ্ণ ভৈল বাজ॥
কৃষ্ণক যাইবাৰ শুনি গোপী নিৰন্তৰ।
মিলিল বিষাদ সৱে বঝাইল গৃহৰ॥ ২৪৩
সোতক নয়ন মনত মহাদুঃখে।
জুমা-জুমি কৃষ্ণক চাহাৱে উৰ্দ্ধমুখে॥
কৃষ্ণৰ বিজয়-কথা শুনা সাৱধানে।
বোলা হৰি হৰি যাৱে প্ৰাণ থাকে মানে॥ ২৪৪