পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২১]
২৮৫
কংস-বধ


কোনে চাইবে কটাক্ষে নিৰেখি।
জুড়াইবে হৃদয় কাক দেখি॥ ২৪৯
কোনে দিবে বাংশীৰ নিসান।
কি দেখি ৰাখিবো এৱে প্ৰাণ॥
আমাৰ জীৱনে নাই সুখ।
আউৰ নেদেখিবো কৃষ্ণ-মুখ॥ ২৫০
নীল আকুঞ্চিত যাৰ কেশ।
শিৰে যত্ন কিৰীটি সুৱেশ॥
ভ্ৰৱ-যুগ মদনৰ চাপ।
দৰশনে হৰৈ হৃদি-তাপ॥ ২৫১
ৰুচিকৰ কমল-লোচন।
সুধা-সম মধুৰ বচন॥
সুষম ললাট গণ্ড-স্থল।
চাৰু কৰ্ণে মকৰ কুণ্ডল॥ ২৫২
নাসা তিল-কুসুম-সুন্দৰ।
শোভে আতি অৰুণ-অধৰ॥
দশন দাড়িম্ব-বীজ-পান্তি।
হাস্যে নিন্দে চন্দ্ৰমাৰ কান্তি॥ ২৫৩
কম্বু-কণ্ঠে কৌস্তুভ প্ৰকাশে।
সূৰ্য্য যেন উদিত আকাশে॥