পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একাদশ খণ্ড
দ্বিতীয় ভাগ
কংস–বধ
উনবিংশ কীৰ্ত্তন

ঘোষা॥ হৰিসে আতমা হৰিলে বন্ধু।
 তৰি হৰি-নামে সংসাৰ-সিন্ধু॥ ১৯

পদ॥ কেশীক বধিয়া আছ হৰি।
 বৰিষে পুষ্প দেৱে তুতি কৰি॥
 সেহি বেলা আসি নাৰদ ঋৰি।
 কৃষ্ণক বুলিলা মহা হৰিষি॥ ২১৯
 হে কৃষ্ণ কৃষ্ণ প্ৰণামো আমি।
 সমস্ত ভূতৰ আতমা স্বামী।
 পুৰাণ পুৰুষ ঈশ্বৰ সাক্ষী।
 সমস্তে সৃষ্টিক আছাহা ৰাখি॥ ২২০
 ভকতজনৰ ৰক্ষাৰ হেতু।
 দুষ্টক নশিবা গৰুড়-কেতু॥
 কেশী-বধ শুনি মিলিল ৰঙ্গ।
 হেষণি শুনি দেৱে দেয় ভঙ্গ॥ ২২১