পৃষ্ঠা:Kirtan Ghosha.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮]
২৭৭
ৰাস-ক্ৰীড়া


কংসৰ বোলে যত দৈত্য আসে।
সৰে অগনিত পতঙ্গ ঝাসে॥ ২১৪
এহিমতে সৱে অসুৰ মাৰি।
ফুৰিলা বৃন্দাবনে গৰু চাৰি॥
গো-ধূলি পড়ি ৰঞ্জে মুখ আখি।
মাথাত পিন্ধিলা মৈৰাৰ পাখি॥ ২১৫
গুঞ্জাৰ থোপা কৰ্ণত আড়ি।
কাষত লৈয়া শিক্ষা বেত বাড়ি॥
মোহন বাংশী বেৰটিত হই।
ব্যঞ্জন ভাত বাম হাতে লই॥ ২১৬
ভোজন কৰা তুমি যদুৰাজে।
বসিয়া ৰঙ্গে গোপ-শিশু মাজে॥
কোনে বুঝিবেক তোমাৰ লীলা।
কটাক্ষে ভূমিৰ ভাৰ হৰিলা॥ ২১৭
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
গোপাল-কেলি শুনা সৰ্ব্ব জনে॥
মোক্ষ পাইবা যেৱে সংসাৰ তৰি।
সঘনে ডাকি বোলা হৰি হৰি॥২১৮

ৰাস-ক্ৰীড়া সমাপ্ত॥ ১১॥