পৃষ্ঠা:Kirtan Ghosha.pdf/২৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


স্বৰ্গত থাকিবে নৱাৰে কেৱ। কেশীক বধিয়া তাৰিলা দেৱ । প্রভাতে কালি মথুৰাক যাইবা। থােক মাৰিয়া ধনু ভাঙ্গি ২২২ চাণুৰ মুষ্টিক প্ৰমুখ্যে মাল। কুবলয়াপীড় হস্তী বিশাল ॥ কংসক বধিবা জগত-স্বামী। পৰওই দিনা দেখিবাে আমি। ২২৩ কালযৱনক নৰকাসুৰ। মাৰিবাহা পাঞ্চজন্য অসুৰ। কৰিবা বিহা কন্যা ভগৱন্ত। নৃগৰ শাপক কৰিবা অন্ত ২২৪ সত্যভামা সমে স্যমন্ত-মণি। পাইবাহা প্রভু জাম্বস্ত জিনি॥ মৃতক পুক দিয়া বিপ্রক। লীলায়ে বধিবা নৃপ পৌণ্ডক। ২২৫ কেশীক বধি কৰি বুন্দামাল। মাৰিবা দস্তব শিশুপাল , পাণ্ডৱৰ হাতে সমৰ জিনি। মৰাইবা অষ্টাদশ অক্ষৌহিণী ॥ ২২৬