পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফীন ১৫] ৰাস-ক্ৰীড়া, মোহিলা গোপক কৃষ্ণৰ মায়া। কাছতে আছে দেখে নিজ জায়া। নকৰে অসূয়া কৃষ্ণক কেৱ।। কায়-মনে সৱে কৰন্ত সেৱ। ১৬৯ যেৱে হৈবে খোজে প্ৰভাত ৰাতি। বোল যায়োক গোপীক মাতি। কৃষ্ণক এড়িবে নাহিকে মন। আসুখে গৃহক কৰে গমন॥ ১৭০ ইটো ৰাস-ক্ৰীড়া কথা কৃষ্ণৰ।। একান্ত চিত্তে শুনে যিটো নৰ। কৃষ্ণত ভকতি বাঢ়িবে তাৰ। কাম-সাগৰে সুখে হৈবে পাৰ। ১৭১ ইটো কাম-জয় কৃষ্ণৰ কথা। শুনা নৰ-দেই নকৰা বৃথা। কৃষ্ণৰ কিঙ্কৰে কহে প্ৰলাপ। বোলা হৰি হৰি হৰোক পাপ॥ ১৭২