পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
২৫৩
ৰাস-ক্ৰীড়া


আনন্দ বঢ়ায়া গোপীগণৰ মনত।
পৰম মধুৰ-মূৰ্ত্তি ভৈলন্ত বেকত॥ ১০৬
হাসো হাসো কৰে আতি বদন-কমল।
শ্যাম তনু পীত বস্ত্ৰে দেখিতে উজ্জ্বল॥
চিকিমিকি কৰে অলঙ্কাৰৰ দীপিতি।
গলত পদ্মৰ মালা দেখন্তে তৃপিতি॥১০৭
দেখি ৰূপ মদত্ৰো মোহন সাক্ষাত।
উঠিল আনন্দে সৱে গোপা অসংখ্যাত।
গুচিল বিৰহ-দুঃখ দ্ৰৱ ভৈল চিত্ত।
প্ৰাণক দেখিয়া যেন তনু উল্লসিত॥ ১০৮
কতত গোপীগণ গৈয়া কৃতাঞ্জলি কৰি।
থাকিল কৃষ্ণৰ হস্ত-পঙ্কজত ধৰি॥
কতে আথে-বেথে গৈয়া ধৰে বাহু কান্ধে।
কতত গোপী গৈয়া মোহ হুয়া গলে বান্ধে॥ ১০৯
আগ হুয়া কেহো চোবা লৰে হাত পাতি।
চক্ষু পকাই চাৱে কতো কৰি মুখ কাতি॥
মদনে মৰ্দ্দয় কতো গোপিকাৰ মন।
তনত অৰ্পয় নিয়া কৃষ্ণৰ চৰণ॥ ১১০
এক-দৃষ্টি কৰি কতো কতো গোপাগণে।
মুখ-পঙ্কজত পিয়ে তবধ নয়নে॥