পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
[ খণ্ড ১২
কীৰ্ত্তন-ঘোষা


হে প্ৰভু তযু পাদ-পদ্ম সুকুমাৰ।
লাসে লাসে ধৰো নিয়া তনত আমাৰ॥
সিটো পাৱে বিজু বনে ফুৰা কেন কৰি।
শিলা খোলা লাগি জোনো পাড়া কৰে ভৰি॥ ১০৩
ইহাকেসে সুমৰন্তে মন মোহ যায়।
তুমিসি আমাৰ জীৱ প্ৰাণ সমুদায়॥
এতেক বোলন্তে উপজিল প্ৰেম-ভাৱ।
কালে কৃষ্ণ বুলিয়া পাৰিয়া দীৰ্ঘ ৰাৱ॥ ১০৪
গাৱে গীত কতো নয়নৰ বহে নীৰ।
হা কৃষ্ণ কৃষ্ণ ৰড়ি চিত্ত নোহে স্থিৰ॥
কৃষ্ণক নেদেখি গোপা সমন্তে বিহ্বল।
বোলা হৰি হৰি পাপ যাওক ৰসাতল॥ ১০৫

দশম কীৰ্ত্তন

ঘোষা। হেৰা পাইলো পাইলো রে
 প্ৰাণধন মুকুন্দ মুৰাৰি।
 দিলা দেখা দামোদৰ জীৱন হামাৰি॥১০


পদ॥ গোপিকাৰ দেখি প্ৰেম-ভাৱ বিপৰীত।
 ভৈলন্ত গোপাল আতি ব্যাকুলিত চিত্ত॥