পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাহিকে তৃপিতি যদি পিয়ন্ত সততে। কৃষ্ণৰ চৰণ যেন চিন্তন্ত ভকতে। ১১১ নেত্রে চায়া কেহােজনী নিয়া হৃদয়ক। কৃষ্ণক আলিঙ্গি ভৈলা সর্বাঙ্গে পুলক। বহৱে আনন্দে নয়নৰ নীৰ ঝৰি। মহাযােগীজনে যেন আছে ধ্যান ধৰি ॥ ১১২ এহিমতে কৃষ্ণক চাহান্তে গােপীগণ। মিলি গৈল উৎসৱ শীতল তনু মন। এড়াইল বিৰহস্তপ আনন্দে ভৰিল। ভকতক পায়া যেন সংসাৰী তৰিল। ১১৩ শােক এড়ি গােপীগণে বেঢ়িলা চৌভিতি। মধ্যত কৰম্ভ কৃষ্ণে অধিকে দীপিতি । পাছে সৱে গােপিকাক লৈয়া বনমালী। আনন্দে নামিল গৈয়া যমুনাৰ বালি। ১১৪ পুষ্পিত মন্দাৰ-কুন্দ-গন্ধে হুয়া ভােল। মধু-মন্ত অনেক ভ্ৰমৰে কৰে ৰােল ॥. শৰত-চন্দ্ৰৰ কান্তি আতি সুকোমল। দেখি মহা সন্তোষিত গােপিকাসকল। ১১৫ তথাতে বসিল মাধৱক মধ্য কৰি। ভৈল পূর্ণকাম সৱে সন্তাপ নিস্তৰি।