পৃষ্ঠা:Kirtan Ghosha.pdf/২৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন যা-ক্রীড়া যেৰে দিৱসত তুমি ফুৰা বৃন্দাবনে। তােমাক নেদেখি যুগ যায় অর্ধক্ষণে। সন্ধ্যাত তােমাৰ মুখ দেখি এড়াওঁ ক্লেশ। কিনাে মন্দ ব্রহ্মা তাতত জিলা নিমেষ ॥ ৯৮ ত্যু গীতে আতি মন মুহিল আমাৰ। পতি পুত্র ভ্রাতৃকো কৰিলাে পৰিহাৰ । আমাৰ সাধিবা গতি মনে হেন মানি। তােমাৰ সমীপ পাইলাে প্রভু চক্রপাণি ॥ ৯৯ তুমি বিনা আছে আৰ ধূৰ্ত্ত কোন জন। মাতি আনি নিশাত এড়িলা নাৰীগণ। কাহাক দুষিবাে ই সি অভাগ্য কপাল। আমাৰ হৃদয়-ৰােগ গুচায়াে গােপাল ১০ তােমাৰ মৰি সিটো ৰহস্য-আলাপ। কৰে কামানলে আতি হৃদয়ত প ৷ লক্ষীৰ নিৱাস সিটো দেখি উৰঃস্থল। দুনাই দুনাই হােৱে মন আমাৰ বিহ্বল । ১০১ ব্ৰজৰ জনৰ দুঃখ হৰিক প্রতি। ভৈলা অৱতাৰ হৰি তােমাৰ সম্প্রতি। হেন জানি ক্ষণিকো নেড়িবা যদুৰায় । তােমাক নেদেখি হে প্রভু প্রাণ যায় । ১০২