পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


তযু কথামৃতে  দগ্ধকো জীয়াৱে
 শ্ৰৱণে দেয় মুকুতি।
সকাম কৰ্ম্মক  আতি তুচ্ছ কৰি
 জ্ঞানী কৰে তাকে তুতি॥ ৯০

যিটোজনে সদা  হেন কথা কৱে
 সিসি আনি দেয় জীৱ।
ভৈলোহো হেনয়  সুহৃদে বঞ্চিত
 দেখা দিয়া সদাশিৱ॥

শুনিয়ো কপটী সঙ্কেত আলাপ
 নুগুচে আৰ হিয়াৰ।
তোমাৰ সদয় হাস্য-দৰশনে
 মুহিল মন আমাৰ॥ ৯১

তোমাকেসে লাগি  মৰো গোপীচয়
 স্নেহে বিয়াকুল মতি।
তুমি পুনু প্ৰভু কপট আচৰা
 আমাত কোন যুগুতি॥


পা° ৯০॥ শ্ৰৱণে—স্মৰণে। তুচ্ছ কৰি—নিৱৰ্ত্তাৱে।