পৃষ্ঠা:Kirtan Ghosha.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮
২৪৯
ৰাস-ক্ৰীড়া


ব্ৰজ হন্তে ধেনু  চাৰিবাক যাহা
 আমাৰ মনে আসুখ।
জোনো পাদ–পদ্মে  তৃণ শিলা লাগি
 প্ৰাণনাথে পান্ত দুঃখ॥ ৯২

তোমাৰ চিন্তায়ে  দিন বহি যায়
 গধূলি গোপাল আসি।
অলকা-আবৃত গো–ৰজে ৰঞ্জিত
 দেখাৱা মুখ প্ৰকাশি॥

পুনু পুনু দেখাই  বদন-পঙ্কজ
 মনত অৰ্পা মদন।
তোমাৰ সঙ্গতি  নপাই দুঃখে ৰাতি
 জাগিয়া চিন্তো চৰণ॥ ৯৩

আমাৰ হৃদয়  জানি কৃপাময়
 এড়িয়ো কপট-মতি।
দিয়া দৰিশন  আমাৰ জীৱন
 ৰাখিওক প্ৰাণ-পতি॥

কৃষ্ণৰ কিঙ্কৰে  ভণিল শঙ্কৰে
 হৰি-পাৱে কৰা ৰতি।