পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


প্ৰাণতো অধিক প্ৰিয়া দুঃখ পাৱে বুলি।
কোলাত লইয়া যান্ত আলগাই তুলি॥ ৭২
গোপীক বহন্ত কিনো কামাতুৰ হৰি।
দেখা দেখা আৱে পোত গৈয়া যায় ভৰি॥
ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয়।
দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়॥ ৭৩
পাৰিল গেড়ৱা চড়াই ফুল ভৰি ফান্দি।
অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি॥
হেৰা দেখা তাইক ঐত উৰুত বৈসাই।
বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়॥ ৭৪
আঁৰিলা খোপাত তাইৰ ফুল চতুৰ্ভিতি।
দেখা আছিলন্ত বসি গোপিকা সহিতি॥
শুক নিগদতি ৰাজা শুনিয়ো শ্ৰৱণে।
পূৰ্ণ-কাম হৰি ক্ৰীড়িলন্ত যি কাৰণে॥ ৭৫
দেখাইলন্ত দুঃখ কামাতুৰ পুৰুষৰ।
স্ত্ৰাৰ দুৰ্জ্জন ভাব শুনা আত পৰ॥
চলি যায় যিটো গোপী কৃষ্ণৰ লগত।
মহাগৰ্ব্ব-ভাব তাইৰ বাঢ়িল মনত॥ ৭৬


পা° ৭৪॥ গেড়ুৱা—গড়ুৱা, গেৰোৱা, গেৰুৱা।