পৃষ্ঠা:Kirtan Ghosha.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭]
২৪১
ৰাস-ক্ৰীড়া
 

সপ্তম কীৰ্ত্তন

ঘোষা॥ আৰ নেদেখিবো ৰে
  জীৱন জীৱন বনমালী।
 কথা গৈল গোপাল।
  হৃদয়ে অগ্নি জালি॥৭
পদ॥ দেখ সখী খোজ কোনজনী যায় সঙ্গে।
 কৃষ্ণৰ কান্ধত হাত দিয়া লীলা-ৰঙ্গে॥
 নিছয়ে জানিলো আৰাধিলে দেৱ হৰি।
 তাইক লগে নেস্ত আমি সমস্তকে এড়ি॥ ৬৯

 দেখা সখীসৱ ধন্য কৃষ্ণ-পদ-ধূলি।
 ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি॥
 আসা আমি কৰো এহি ধূলা-অভিষেক।
 দেখিবো পৱিত্ৰ হুয়া কৃষ্ণক প্ৰত্যেক॥ ৭০

 আউৰজনী বোলে কিবা কহ গোপীগণ।
 তাইৰ খোজ দেখন্তে আকুল কৰে মন॥
 কৃষ্ণৰ অধৰামৃত সৰ্ব্বস্ব সৱাৰে।
 চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে॥ ৭১

 আৱে ঐত তাইৰ খোজ নাকলিয় ভালে।
 তৃণে বিন্ধিলেক সুকোমল ভৰি-তলে॥

১৬