পৃষ্ঠা:Kirtan Ghosha.pdf/২৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নলাখে পতি পুত্র দুঃখ-হেতু। হুয়েক প্রসন্ন গৰুড়-কেতু। কৰিছে আশা যিটো চিৰকাল। নকৰিয়ে তাক ভজ গােপাল। ২৫ হৰিলা চিত্ত থাকয় ঘৰে। হস্ত দুই গৃহ-কৃত্য নকৰে। তােমাক এড়িয়া নচলৈ ভৰি। ব্রজক গৈয়া কি কৰিব হৰি। ২৬ জ্বলে কামানলে তােমাৰ গীতে। নিময়ােক তাক অধস্থতে ৪ মুহি বিৰহতে দহিয়া তনু। লভিবাে তােমাৰ সমীপ পুনু ॥ ২৭ হুয়ােক প্রসন্ন জগনিৱাস। সৱ তেজি কৈলাে তােমাতে আশ । নমাৰা পুলিয়া ঈষত হাসি। পুৰুষ-ভুষণ কৰিয়াে দাসী ॥ ২৮ অলকে আবৃত তােমাৰ মুখ। অধসুধাক দেখতে সুখ। ধ্রুব-যুগ তবু ঈষত হাসি। দেখি তাক প্ৰভু ভৈলােহ দাসী । ২৯