এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
দ্বিতীয় খণ্ড
নাম-অপৰাধ
প্ৰথম কীৰ্তন
॥ঘোষা॥
কৰিয়ে। হৰিৰ চৰণে ৰতি।।
কলিত হৰিৰ নামেসে গতি।
॥পদ॥
পদ্ম-পুৰাণৰ স্বৰ্গ-খণ্ডত।
নিৰূপি আছে কলি-ধৰ্ম যত।
তাক শুনা আৱে একান্ত চিতে।
যাৰ ইচ্ছা আছে ভৰ তৰিতে। ১
আছে চাৰি সিদ্ধ জ্ঞানী পৰম।
ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম।
তাসম্মাক পায়া নাৰদ ঋষি।
পুছিলা সংশয় কথা হৰিষি॥ ২
ঈশ্বৰ ভগৱন্ত কৃপাময়।
কহিছা যিটো মহা পাপচয়।
কেনমতে হোৱে বিনাশ তাৰ।
কলিত কোন পুণ্যে পাই পাৰ। ৩