পৃষ্ঠা:Kirtan Ghosha.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
১৩
নাম-অপৰাধ

কহিয়া ছেদিয়ো সংশয় যত।
চাৰিও তোৰা মহাভাগৱত॥
শুনিয়া সনতকুমাৰ মুনি।
দিলন্ত উত্তৰ মনত গুণি॥ ৪
গোৱিন্দৰ প্ৰিয় নাৰদ শুনা।
ভাগৱত ধৰ্ম্ম আপুনি জানা॥
হৌক মোক্ষ বুলি সৱে লোকৰ।
কৰিলা প্ৰশ্ন সংসাৰত সাৰ॥ ৫
যেনমতে পাৱে সংসাৰত-পাৰ।
শুনা সাৱধানে উত্তৰ তাৰ॥
সদায়ে এড়িল আচাৰ-ধৰ্ম্ম।
নভৈল যাৰ কিছো জাত-কৰ্ম্ম॥ ৬
শঠ-বুদ্ধি যিটো জগতে বঞ্চে।
দম্ভ-অহঙ্কাৰ সদা নুগুচে॥
সুৰা পানি চাটু কৰে চাণ্ডাল।
নিষ্ঠুৰ বাক্য বোলে সৰ্ব্বকাল॥ ৭
পুত্ৰ দাৰা ধন আতেসে ৰতি।
সৱাতো অধম যি পাপ-মতি॥

—————————————————————
পা ৫॥ সাৰ—পাৰ। ৬॥ সংসাৰ—পাপৰ।