পৃষ্ঠা:Kirtan Ghosha.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
২১৭
শিশু-লীলা

দেখি শিশুসৱ মৰিল প্ৰায়।
ধেনুগণে আউৰ তৃণ নখায়॥
কৃষ্ণক চাহিয়া থাকিল ৰহি।
চক্ষুৰ লোহ ধাৰে যায় বহি॥ ১৩০
আতি উতপাত দেখি গোকুলে।
গোপ-গোপীজাক সমস্তে বোলে॥
জ্যেষ্ঠ বলভদ্ৰ লগে নগৈল।
কৃষ্ণৰ আজি তৈতে কিবা ভৈল॥ ১৩১
নন্দ যশোদা বিয়াকুল-মনে।
কৃষ্ণক চাহিবে পশিলা বনে॥
লগতে চলে গোপ-গোপাজাক।
হা হা কৃষ্ণ বুলি ছাড়তে ডাক॥ ১৩২
ধ্বজ বজ্ৰ যৱ অঙ্কুশ চাই।
কৃষ্ণৰ খোজ নিহালম্ভে যায়॥
পুত্ৰ পুত্ৰ বুলি যশোদা চান্ত।
কৃষ্ণৰ খোজত পড়ন্তে যান্ত॥ ১৩০
বেড়িয়া গোপীগণে নেয় ধৰি।
দেখিল পাছে পড়ি আছা হৰি॥
জলৰ মাজে মৃতকৰ বেশ।
নকৰন্ত আৰ চক্ষু নিমেষ॥ ১৩৪