পৃষ্ঠা:Kirtan Ghosha.pdf/২২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ । কীৰ্তন ] শিশু-লীলা কালিম অমুখণ্ড জয়ম কীৰ্তন ঘোষা। গোপাল ৰাম কৃষ্ণ বনমালী। | মাৰিলা অসুৰ দমিলা কালি। ৯ পদ॥ গোপশিশু সঙ্গে গৈলা বঝাই। আগত গোধন বাংলী বজাই। চাৰন্তে ফুৰন্তে গৰু গোৰক্ষ। পাইলা যমুনাৰ তীৰৰ লক্ষ॥ ১২১ কালিৰ হ্ৰদক তাক নজানি। তৃষাত সৱে পিলে বিষপানী। দাৰুণ বিষৰ লাগিল জাল। মৰিল সৱে বৎস বৎসপাল॥ ১২২ দেখিয়া কৃষ্ণ অসন্তোষ পাইল। অমৃত নয়নে চাহি জীয়াইল॥ কালিক দমিবে কৰি যতন। কটিত বান্ধিলা পীত বসন। ১২৩ উঠিলা উচ্চ কদম্বৰ গাছে। হ্ৰদৰ মাজে জাম্প দিলা পাছে। ঢউ উথলিল খলকি হ্ৰদ। দশোদিশে গৈল তাৰ শবদ। ১২৪