পৃষ্ঠা:Kirtan Ghosha.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
[খণ্ড ১০
কীৰ্ত্তন-ঘোষা

সমস্তৰে বুদ্ধি-সাক্ষী সৱে তুমি জানা।
আজি ধৰি প্ৰভু মোক দাস বুলি মানা॥ ১১৭
নমো কৃষ্ণ বৃষ্ণি-কুল-প্ৰকাশ নায়ক।
দেৱ দ্বিজ পৃথিৱীৰ বুদ্ধি-প্ৰদায়ক॥
দুষ্ট-দৈত্য-দানৱ-ৰাক্ষস-ক্ষয়ঙ্কাৰ।
তোমাৰ চৰণে সদা প্ৰণাম আমাৰ॥১১৮
কৰিল অনেক তুতি আৰু সৃষ্টিকৰে।
তাক নকহিলো পদবাহুল্যক ডৰে॥
এহি বুলি প্ৰজাপতি ভৈলা মোহ-হীন।
কৃষ্ণক কৰিলা তিনিবাৰ প্ৰদক্ষিণ॥ ১১৯
প্ৰণাম কৰিলা চৰণত পড়ি পড়ি।
মেলানি মাগিয়া নিজ স্থানে গৈলা লড়ি॥
ভণিল শঙ্কৰে কৃষ্ণ-চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ১২০