পৃষ্ঠা:Kirtan Ghosha.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
[ খণ্ড ১০
কীৰ্ত্তন-ঘোষা


ভকতৰ বশ্য তুমি হৰি।
সুখে পাৱে গৃহতে সুমৰি॥
ভণিলা শঙ্কৰে কৃষ্ণ-পদে।
হৰি হৰি বোলা সভাসদে॥ ৬৩

পঞ্চম কীৰ্ত্তন

ঘোষা॥  ৰাম গোপাল হৰি।
 কৃষ্ণ গোৱিন্দ হৰি॥ ৫


পদ॥ কৃষ্ণে দেখিলন্ত মাৱ গৃহ-কামে গৈল।
 আণ্ঠু কাড়ি উড়ুখল টানিবাক লৈল॥
 অৰ্জ্জুনত লাগি ভৈল উড়ল পথালি।
 কঙ্কাল ফান্দিয়া বল দিলা বনমালী॥ ৬৪
 কাম্পে দুয়োগোটা বৃক্ষ উড়ুখলে লাগি।
 উভৰি পড়িল মচ মচ কৰি ভাগি॥
 শাপ এড়াই দুয়ো পাছে কুবেৰ-তনয়।
 তোমাক নমিয়া গৈল আপুন নিলয়॥ ৬৫
 নিৰ্ঘাত শঙ্কিয়া খেদি আইল গোপঝাক।
 বন্দী হুয়া আছা নন্দে দেখিলা তোমাক॥


পা• ঘোষা ৫॥ গোপাল-গোবিন্দ।
 পদ ৬৬॥ শঙ্কিয়া—শুনিয়া।