পৃষ্ঠা:Kirtan Ghosha.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০০
[ খণ্ড ১
কীৰ্ত্তন-ঘোষা

বেগত মেলান ভৈল খোপা।
খসি পড়ে মালতীৰ থোপা॥
গোৱিন্দে মাৱৰ শ্ৰম দেখি।
ৰহিল কান্দন্তে মুই আখি॥ ৫৩
সভয় নয়নে চান্ত ডৰে।
যশোদা ধৰিলা আসি কৰে॥
ভাণ্ড ভাঙ্গি আৱে যাইবি কথা।
খাইবো আজি কৃষ্ণ তোৰ মাথা॥ ৫৪
সকলে লৱনু কৈলি নাশ।
শুনি প্ৰভু ভৈলা মহাত্ৰাস॥
দেখি বাড়ি এড়িলাহা সতী।
কৃষ্ণক বান্ধিবে ভৈলা মতি॥ ৫৫
নাহি আদি-অন্ত পূৰ্ব্বাপৰ।
পূৰ্ণব্ৰহ্ম জগত-ঈশ্বৰ॥
তাহাঙ্ক তনয় মানি বলে।
যশোদা বান্ধন্ত উড়ুখলে॥ ৫৬
বান্ধন্ত কৃষ্ণক আনি ধৰি।
নোজোড়ে আঙ্গুলা দুই জৰী॥
আৰু জৰী আনি জোড়া দিলা।
সিও দুই আঙ্গুলা নাটিলা॥ ৫৭