পৃষ্ঠা:Kirtan Ghosha.pdf/২১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ৪) তিশীল। হেন দেখি আৰৰ জৰী আনি। যশােদা বান্ধন্ত টানি টানি। শৰীৰৰ বল দিয়া আঁটে। তথাপি আঙ্গুল দুই নাটে। ৫৮ গৃহত যতেক পাইলা জৰী। এহিমতে জোড়ান্ত সুন্দৰী ॥ উড়খলেয়েৰে বান্ধে চাপি। নাটে দুই আঙ্গুলা তথাপি ৫৯ হেন দেখি হাসে গােপগণে। যশােদা বিস্ময় ভৈলা মনে। শৰীৰৰ ঘৰ্ম্ম যায় বহি। হাসিয়া থাকিলা শ্ৰমে ৰহি। ৬০ হেন দেখি প্রভু নাৰায়ণ। স্নেহে লৈ আপুনি বন্ধন। জগতৰ আপুনি ঈশ্বৰ। তুমি বশ্য ভৈলা ভকতৰ ৷ ৬১ ব্রহ্মা লক্ষীদেৱী মহাদেৱে। নপাইলা আনন্দ হেন কেৱে । যশােদা প্রসাদ যেন পাইল। ইটো গােপী কিনাে তপসাইল ৬২