সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
১৯৯
শিশু-লীলা

মহা কোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱনু ভুঞ্জন্ত॥
আসিলা যশোদা নমাই ক্ষীৰ।
দেখে হাণ্ডি ভাঙ্গিলা দধিৰ॥ ৪৮
জানিলা পুত্ৰৰ কৰ্ম্ম গোপী।
হাসিয়া দেখিলা পশি খুপি॥
উড়ল উপৰে বসি হৰি।
ভুঞ্জন্ত লৱনু চুৰি কৰি॥ ৪৯
শিকিয়াৰপৰা নমাই আনি।
বানৰকো দেন্ত দলি হানি॥
শঙ্কিত নয়নে নাই সাৰি।
দেখিয়া যশোদা লৈলা বাড়ি॥ ৫০
মাৰিবে আসন্ত জানি ডৰে।
দিলা লড় নামি উড়লৰে॥
পাছে পাছে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত॥ ৫১
যাক যোগী নপাৱে ধ্যানত।
হেন হৰি পলান্ত ভয়ত॥
পুত্ৰক খেদন্ত মহাসতী।
শ্ৰোণী-ভৰে আক্ৰমিল গতি॥ ৫২