সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
[খণ্ড ৯
কীৰ্ত্তন-ঘোষা


মাধৱৰ পাৱত অৰ্পিলা আপুনাক।
বলিসে জিনিলা ইটো দুৰ্জ্জয় মায়াক॥
এহি বুলি পুষ্প বৰিষন্ত ঘনে ঘনে।
বোলা হৰি হৰি সৱে সভাসদগণে॥ ১৩

দ্বিতীয় কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি হৰি পড়িলো পায়ে
 উপায় পৰমানন্দ দিয়া।
 নসহে সংসাৰ তাপে
 আউৰ মোৰ হিয়া॥২


পদ॥ শুক মুনি নিগদতি  শুনিয়োক কুৰুপতি
 বৈষ্ণৱ বলিৰ দেখি কৰ্ম্ম।
 বড়া বড়া দৈত্যগণ কৰে হেন আলোচন
 কিনো বিপৰীত ভৈল ধৰ্ম্ম॥

 ইটো মুৰ্খ দৈত্যৰাজ  এড়িলেক ৰাজ-কাজ
 শত্ৰুৰ সদায় লৱে নাম।
 আন নাই হৰি বিনে  নাচে গাৱে ৰাত্ৰি-দিনে
 কৰে কিনো গৰিহিত কাম॥ ১৪


পা" ১৪ ৰাজ-কাজ-লাজকাজ।