পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৭৭ কীর্তন ২] বলি-ছলন ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি জানা আক পাইলেক বিবুদ্ধি। হৰি বুলি মৰে মাত্র নভৈল একোৰে পাত্র যেন ভৈল শােভৰ আষুধি। আটাসতে গল ফাৰে যেন কাণে সূচি তাড়ে সর্বদায়ে শুনে হৰি-কথা। কিবা কদর্থনা চাঞে আসা উঠি ঘৰে যাঞে হৰি-নাম নুশুনােহাে বৃথা । ১৫ কুল-ধর্মে ভৈল হীন যেন বাতুলৰ চিহ্ন আহাৰ সেৱাত নাহি ফল। হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি কতাে কতাে দানৱ নিস্থল। শ্ৰৱণে আনন্দ কৰে কীর্তনে পাতক হৰে হৰি-নাম মুকুতি-দায়ক। পাতকে শুনিবে নেদে যেন কিলাই কোবাই খেদে দুষ্ট শঠ অধীজনক ॥ ১৬ পা ১৫ | আধিৱৌসধি, ঔষধী। বৃথা-যথা।