সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
১৭৭
বলি-ছলন


ছাড়িল দৈত্যৰ নীতি ভৈল বিষ্ণুৰেসে ভিতি
 জানা আক পাইলেক বিবুদ্ধি।
হৰি বুলি মৰে মাত্ৰ নভৈল একোৰে পাত্ৰ
 যেন ভৈল শোভৰ আষুধি॥

আটাসতে গল ফাৰে যেন কাণে সূচি তাড়ে
 সৰ্ব্বদায়ে শুনে হৰি-কথা।
কিবা কদৰ্থনা চাঞো আসা উঠি ঘৰে যাঞো
 হৰি-নাম নুশুনোহো বৃথা॥ ১৫

কুল-ধৰ্ম্মে ভৈল হীন যেন বাতুলৰ চিহ্ন
 আহাৰ সেৱাত নাহি ফল।
হেন কণাকণি কৰি উঠি গৈল ঘৰাঘৰি
 কতো কতো দানৱ নিস্খল॥

শ্ৰৱণে আনন্দ কৰে কীৰ্ত্তনে পাতক হৰে
 হৰি-নাম মুকুতি-দায়ক।
পাতকে শুনিবে নেদে যেন কিলাই কোবাই খেদে
 দুষ্ট শঠ অধৰ্ম্মীজনক॥ ১৬


পা ১৫ ॥ আযুধি - ৱৌসধি, ঔষধী।
 বৃথা-যথা।

১২