পৃষ্ঠা:Kirtan Ghosha.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
১৭৫
বলি-ছলন


হোন্ত নিশবদ গদগদ কৰে মাত।
প্ৰেম-ভাৱ উপজি পড়ন্ত ঢাত-ঢাত॥ ৮
ভকতৰ বশ্য হৰি আকলিয়া বলি।
কতো আতি হৰিযে হাসন্ত খলখলি॥
কতো হুকহুক কৰি কৰন্ত ক্ৰন্দন।
কতো গীত গান্ত বিৰোচনৰ নন্দন॥ ৯
কতো হৰি বুলি গেৰিয়ান্ত ইন্দ্ৰসেন।
উঠি উঠি নাচন্ত বসন্ত বাউল যেন॥
কতে মৌন হুয়া পৃথিৱীত পড়ি থাকে।
কৰয় কীৰ্ত্তন তাক বেঢ়ি দৈত্য-জাকে॥ ১০
হেন ভক্তিভাৱে দৈত্যেন্দ্ৰৰ দিন যায়।
বলি-সম ভাগ্যৱন্ত ত্ৰৈলোক্যত নাই॥
জগতকে পৱিত্ৰ কৰিলা দৈত্যপতি।
হৰিৰো বিস্ময় দেখি বলিৰ ভকতি॥ ১১
অন্তৰীক্ষে মহিমা বখানে সিদ্ধ মুনি।
হেনতো বৈষ্ণৱ কৈতো দেখি নতু শুনি॥
সদায় থাকন্ত দামোদৰ যাৰ কাছে।
বলি সম ভাগ্যৱন্ত আন কোন আছে॥ ১২


^ পা ১০ ॥ নাচন্ত বসন্ত-পড়ন্ত নাচন্ত। ^ ১২॥ কৈতো- নতু।