পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ২3 হ-মােহন >80 দ্বিতীয় কীর্তন ঘােষা॥ ত্রাহি ৰাম নিৰাকাৰ নিৰঞ্জন হৰি। কৰা কৃষ্ণ কৃপা সেৱকৰ মন পুৰি৷ পদ ॥ নমাে নমাে মাধৱ বিধিৰ বিধি-দাতা। তুমি জগতৰ গতি মতি পিতা মাতা। তুমি পরমাত্মা জগতৰ ঈশ এক। একো বস্তু নাহিকে তােমাত বিতিৰেক ॥ ৯ তুমি কাৰ্য্য কাৰণ সমন্তে চৰাচৰ। সুৱৰ্ণ কুলে যেন নাহিকে অন্তৰ ৷ তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ। অজ্ঞানত মূঢ় জনে দেখে ভিনাভিন ॥ ১০ তােমাৰেসে মায়ায়ে মােহিত সর্বক্ষণে। তুমি আত্মা তােমাক জানে একোজনে। সমস্ত ভূতৰে তুমি আছা হৃদয়ত। তত্ত্ব নপাই তােমাক বিচাৰে বাহিৰত ॥ ১১ তুমিসে কেৱলে সত্য মিছা সৱে আন। জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান । ৯ বিধি-দা-বিধাতা। পরমাত্মা-প্রিয় আত্মা। পাশ ১০ | সুৰাসুৰ-সুৰনৰ। ভিনাভিন-ভিন্নভিন্ন।