পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
( খণ্ড ৮
কীৰ্ত্তন-ঘােষা

কৈলাস ছানিয়া সৱে কোবাৱে নিসান।
দণ্ডে-ছত্ৰে বাদে-ভণ্ডে ধৰিল যোগান॥
আকাশৰ পথে গৌৰীনাথ গৈলা লড়ি।
বিষ্ণুৰ পুৰীক আণ্টাইলেক দৰদৰি॥৪
বৃষভৰ নামি হৰ আৰো গৌৰী মাৱ।
বিষ্ণুক সাদৰি দুয়ো ভৈল ভূমি-পাৱ॥
মাধৱৰ মন্দিৰক দূৰতে আকলি।
প্ৰণামিলা শঙ্কৰে কৰিয়া কৃতাঞ্জলি॥৫
ৰত্নৰ মন্দিৰে সুৱৰ্ণৰ সিংহাসনে।
কৰন্ত প্ৰকাশ বসি প্ৰভু নাৰায়ণে॥
সুনন্দ কুমুদ নন্দ পাৰিষদগণ।
চতুৰ্ভিতি বেড়ি সেৱে কৃষ্ণৰ চৰণ॥ ৬
জগত-জননী লক্ষ্মী আছস্ত উপাসি।
শঙ্কৰক দেখি হৰি তুলিলন্ত হাসি॥
বসিবাক লাগি বঢ়াই দিয়াইলা আসন।
সভাৰ্য্যে বসিল তাতে দেৱ ত্ৰিনয়ন॥ ৭
সাদৰিল হৰি যেন বিধি-ব্যৱহাৰ॥
কৰিলা পাৰ্ব্বতী সমে শিৱক সৎকাৰ॥
শঙ্কৰে কৰিলা হৃষীকেশক সেৱলি।
আৰম্ভিলা তুতি পাছে কৰি কৃতাঞ্জলি॥ ৮