পৃষ্ঠা:Kirtan Ghosha.pdf/১৫৫

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৪৪ কীর্তন-ঘােষা I নবাহোে সুখ ভােগ নমাগাে মুকুতি। তােমাৰ চৰণে মাত্র থাকোক ভকতি ॥১২, মুখে লোক নাম মােৰ কৰ্ণে অৱ কথা। হৃদয়ত পাদপদ্ম থাকোক সৰ্ব্বথা। সজ্জনৰ সঙ্গ নুগুচোক সর্বক্ষণ এতেক প্ৰসাদ মাগাে তােমাৰ চৰণে। ১৩ শুনা যি কাৰণে আইলাে গােচৰ আমাৰ । দেখিয়াছে তােমাৰ অনেক অৱতাৰ ৷ সম্প্রতি ধৰিলা প্রভু যেন নাৰী-বেশ। তাক দেখিবাক লাগি আইলাে হৃষীকেশ ॥ ১৪ যিটো নাৰীবেশ ধৰি মুহিলা দানৱ । দেৱৰ অমৃত-পান সাধিলা মাধৱ । সেহি নাৰী-বেশ দেখিবাক অভিলাষে। কৌতুহল সভাৰ্যে আসিলাে তযু পাশে ॥ ১৫ ভৃত্য হেন জানি যদি আছে মােক দায়া। দেখায়াে আমাক কেনমত তিৰী-মায়া । ভকতৰ মনােৰথ কৰিয়াে পূৰণ। হেন শুনি হাসি মাতিলস্ত নাৰায়ণ। ১৬ দৈত্যে নিলে অমৃত দেৱৰ দেখি ক্লেশ। সি কাৰণে শঙ্কৰ ধৰিলাে নাৰী-বেশ।