পৃষ্ঠা:Kirtan Ghosha.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
{ খণ্ড ৭
কীৰ্ত্তন-ঘোষা


হস্তী গুচি তৈতে চতুৰ্ভুজ ৰূপ ভৈলা।
গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা॥
কৰিলা প্ৰণাম পাছে দণ্ডৱতে পড়ি।
পাৰিষদ হুয়া বৈকুণ্ঠক গৈলা লড়ি॥ ৩৫
কৃষ্ণ-পৰশনে গ্ৰাহো শাপক নিস্তৰি।
দিব্য ৰূপ ধৰিয়া স্বৰ্গত গৈলা লড়ি॥
শুনা কৃষ্ণ-কথা জন্ম নকৰিয়ো বৃথা।
হৰিৰ চৰিত্ৰ আৰ নাহিকে অন্যথা॥ ৩৬
দুৰ্ল্লভ মনুষ্য জন্ম পাইলা কত ভাগে।
সত্বৰে সংসাৰ-সিন্ধু তৰিবাক লাগে॥
যত সুত ধন জন সৱে বিষ্ণু-মায়া।
আকাশত প্ৰকাশে মেঘৰ যেন ছায়া॥ ৩৭
বিজুলী-চমক যেন জীৱন অথিৰ।
পদ্মৰ পত্ৰৰ যেন জল নুহি থিৰ॥
কৃষ্ণ-কথা-শ্ৰৱণ-কীৰ্ত্তনে ভৱ তৰি।
হেন জানি সদায় ঘুষিয়ো হৰি হৰি॥ ৩৮

গজেন্দ্ৰোপাখ্যান সমাপ্ত॥ ৭॥


পা ৩৬ ॥ অন্য়থা - অন্য়ৱথা।