পৃষ্ঠা:Kirtan Ghosha.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
১৩৯
গজেন্দ্ৰোপাখ্যান


পলায় জগতৰে মৃত্যু যি প্ৰভুক ডৰে ।
যাক ভয়ে চন্দ্ৰ সূৰ্য্য পৱনো সঞ্চৰে ॥ ৩০
হেন জগন্নাথ অনাথৰ ইষ্ট দেৱ ।
হৰি বিনে আৱৰ তাৰন্তা নাহি কেৱ ॥
এহি বুলি মৰণতো নভৈল বিকল ।
শুণ্ডে মেহ্ৰাই ধৰিলন্ত সুৱৰ্ণ কমল ॥ ৩১
পৰম আনন্দে মাধৱত দিয়া চিত্ত ।
গজেন্দ্ৰে কৰিল তুতি আতি বিপৰীত ॥
যাক স্মৰি তৰি সুখে ঘোৰ নৰকক ।
অন্তকালে পাই হেন মাধৱ বন্ধুক ॥ ৩২
শুণ্ডে মেহ্ৰাই পদ্ম গোট উপৰক তুলি ।
গজেন্দ্ৰে শৰণ লৈল ত্ৰাহি হৰি বুলি ॥
আথেবেথে শীঘ্ৰে হৰি গৰুড়ৰ স্কন্ধে ।
ভকতক ৰাখিবাক আসিলা প্ৰবন্ধে ॥ ৩৩
গৰুড়ৰ নামি হৰি পৰম বিক্ৰমে ।
শুণ্ডে ধৰি তৰক তুলিলা গ্ৰাহে সমে ॥
চক্ৰ ধৰি তেখণে ছিৰিলা গ্ৰাহ-মুখ ।
হৰিৰ প্ৰসাদে গজেন্দ্ৰৰ গৈল দুঃখ ॥ ৩৪


পা* ৩২ ॥ যাক...বন্ধুক ॥ যাক শুনি তৰি ভৱভয়অন্ধকূপ ।
 অন্তকালে পাই সেই মাধৱৰ ৰূপ ॥