পৃষ্ঠা:Kirtan Ghosha.pdf/১৫২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অষ্টম খণ্ড হৰ-মােহন প্রথম কীর্তন ঘােষা। মুখে বােল ৰাম কৃষ্ণ সনাতন হৰি। হৰি-হৰ-লীলা-কথা শুনা কর্ণ ভৰি । পৰীক্ষিত ৰাজাত কহন্ত মুনি শুকে। কহাে কৃষ্ণ-কথা শুনা পৰম উৎসুকে। বিপৰীত স্ত্রী-মায়া দেখি মাধৱৰ। শুনা যেনমতে কামাতুৰ ভৈলা হৰ। ১ শুনিলন্ত হৰে পাছে কথা বিপৰীত। স্ত্রী-ৰূপ ধৰি হৰি হৰিলা অমৃত ॥ দেৱক ভূঞ্জাইলা দানৱৰ আশা ভঙ্গ। শুনি ত্রিনয়নৰ মনত মহাৰঙ্গ ॥ ২. নয়নে দেখিবাে বিষ্ণু ভৈলা যেন নাৰী। এহি বুলি বৃষভত চড়ি ত্ৰিপুৰাৰি। ' লগ লাগি গৌরীও বসিল, স্বামী কাছে। দেখি নন্দী, আদি কৰি যত ভৃত্য আছে ॥ ৩