পৃষ্ঠা:Kirtan Ghosha.pdf/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বনি-কোষ কম্পাই শিৰ কেশৰ উল্লাসি। তুলিলা আটাস ঘোৰ হাসি॥ ১৯৬ স্বৰ্গক ভেদিল ঘোৰ ৰিঙ্গে। বেগে চাম্প দিলা নৰসিংহে। আলাগতে দৈত্যক ধৰিল। নাহি মাত চেতন হৰিল ১৯৭ সৰ্পে যেন ধৰিল ইন্দুৰ। নিশবদ দানৱ দ্বন্দুৰ ৪ সাধিবাক লাগি দেৱ-কাজ। দ্বাৰৰ কৰিলা তাক বাজ। ১৯৮ চিত কৰি উৰুত থাপিলা। নখে তাৰ হিয়া বিদাৰিলা। যেহেন সৰ্পৰ্ক পাৱে ভিৰি। গৰুড়ে পেলাইল ঠোটে ছিৰি। ১৯৯ চক্ষু পকাই দৈত্য-অস্তকাৰী। চেলেকন্ত জিহ্বয়ে কৰি। ধিৰে-দিগিধ-দেহা হুই। শিৰত মেহ্ৰাইলা আস্ত দুই। ২০০ দেখি দৈত্য-কটকে কিটাইল। অস্ত্ৰ-শস্ত্ৰ ধৰি ক্ৰোধে খাইল।