পৃষ্ঠা:Kirtan Ghosha.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮
১১৫
প্ৰহ্লাদ চৰিত্ৰ


নৃসিংহ পেলাইল দৈত্যেন্দ্ৰক।
গৈল খেদি দানৱগণক॥ ২০১

কাকো নখে কৰি দুই চিৰ।
টোকৰে ছিণ্ডিলা কাৰো শিৰ॥
কাকো গোড়ে মাৰি ঘৰাকাতি।
সংহৰিল দানৱ-পদাতি॥ ২০২

দৈত্য জিনি তেজিলা আটাস॥
পলায় দিগ্‌ গজ হুয়া ত্ৰাস॥
ঝঙ্কাৰন্তে শিৰৰ কেশৰ।
উড়ায় সৱে বিমান স্বৰ্গৰ॥ ২০৩

খলকে সাগৰ শ্বাস লাগি।
বেগত পৰ্ব্বত পড়ে ভাগি॥
নৃসিংহৰ চৰণৰ গতি।
টলবল কৰে বসুমতী॥ ২০৪

চক্ষুৰ ৰশ্মিত ভৈল ছন্ন।
নিপ্ৰভ সমন্তে গ্ৰহগণ॥
দৈত্যেন্দ্ৰৰ দিব্য সিংহাসনে।
বসিল নৃসিংহ কোপ-মনে॥ ২০৫


পা° পদ ২০১॥ নৃসিংহ পেহ্লাইল-নৃসিংহও ধাইল