পৃষ্ঠা:Kirtan Ghosha.pdf/১২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘোষা শুনিয়া হিৰণ্য বোলে বচন। জানিলে তোৰ মৰিবাক মন। মোক বিকৰ্পস অৰে বৰ্বৰ। মোত পৰে আছে আউৰ ঈশ্বৰ। ১৭৯ পেলাইবো কাটি তোক খাণ্ডা ধৰি। দেখো কেনমতে ৰাখস্ত হৰি। হৰিসে যদি জগতৰ ঈশ। কৈত আছে তাৰ কহ উদ্দিশ | ১৮০ শুনিয়া প্ৰাদে বোলয় বাণী। ব্যাপক বিভু প্ৰভু চক্ৰপাণি। সৱাতত আছস্ত জগত-স্বামী। স্ফটিকৰ তম্ভে দেখোহো আমি। ১৮১ শুনি দৈত্যপতি দান্ত কামুৰি। ডাবৰ খড়গ লৈল আঙুৰি। আসনৰ হস্তে আটোপে উঠি। ভাঙ্গিল তম্ভত হানিয়া মুঠি। ১৮২ তম্ভৰ ভিতৰে শুনিল নাদ। প্ৰলয়-মেঘৰ যেন সম্বাদ। ফুটিল কটাহ লৈ বিস্ময়। ত্ৰিদশে বোল মিলে প্ৰলয়। ১৮৩