পৃষ্ঠা:Kirtan Ghosha.pdf/১২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ১৬] প্ৰহ্লাদ-চৰিত্ৰ দিশে কাম্পে দেখি মোৰ খঙ্গ। কৰস কেনে তঞি আজ্ঞা-ভঙ্গ। ১৭৪ শুনিয়া প্ৰহ্লাদে বোলয় বাণী। সৱাতে বৰ প্ৰভু চক্ৰপাণি।। আমোক তুমি আমি কোন জন। ব্ৰহ্মা হৰে সেৱে যাৰ চৰণ। ১৭৫ তেহেন্তে পৰম ঈশ্বৰ দেৱ।। বিষ্ণুত পৰে আন নাহি কেৱ। আপুন মায়াৰ বলে অনন্তে। জন্তু পালন্ত সংহৰে অন্তে। ১৭৬ জানি পিতৃ এড়া অসুৰ-কাম। আপুন মন কৰা উপশম। শত্ৰু মিত্ৰ সৱ কৰিয়োসম। এহিসে কৃষ্ণৰ ভক্তি উত্তম। ১৭৭ নিজিনি শৰীৰৰ শত্ৰুচয়। জিনিলো দশোদিশ হেন কয়। জানিয়া পিতৃ এড়া অহঙ্কাৰ। ভজিয়ো কৃষ্ণক কহিলো সাৰ॥ ১৭৮ পা ১৭৫। ৰক্ষা হবে-ব্ৰহ্মা আদি [ব্ৰহ্মায়ো-ভাগৱত ৭৮৮ ১৭। গন-কা