পৃষ্ঠা:Kirtan Ghosha.pdf/১২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


প্ৰাদ-চৰিত্ৰ যত বুঢ়া দৈত্য আছে চৌপাশে। কাম্পে পৃথিৱীত পড়িয়া গ্ৰাসে। কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে। বোলা হৰি হৰি সমস্ত নৰে॥ ১৮৪ সপ্তদশ কীৰ্তন ঘোষা। ও হৰি নৰহৰি হৰিয়ো কুমতি। অস্তকালে হৰি-চৰণেসে গতি॥ ১৭ পদ। শুনি দৈত্যেন্দ্ৰৰ অন্তৰীক্ষ ভৈল ধাতু। কোনে দিলে আটাস নেদেখি তাৰ হেতু। সত্য কৰিবাক লাগি নিজ-ভৃত্যবাণী। তন্তুতে বেকত ভৈলা প্ৰভু চক্ৰপাণি। ১৮৫ অদ্ভুত দেখিয়া দৈত্যপতি লৈ চুপ। মুহি সিংহ মুহি ইটো মনুষ্যৰ ৰূপ। ঘোৰ-মুৰ্তি ধৰি নৰসিংহ ভৈলা বাজ। মহাত্ৰাসে কাম্পে দেখি দানৱ-সমাজ। ১৮৬ তপ্ত সুৱৰ্ণৰ সম জ্বলে চক্ষু দুই। পৰ্বত-সমান কায় আছে স্বৰ্গ ছুই। পা ঘো ১৭ ও হৰি হৰি হৰিচৰশেৰে আৱৰ চৰণে