পৃষ্ঠা:Kirtan Ghosha.pdf/১১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১৫ প্ৰহ্লাদ চৰিত্ৰ। তপ জপ যজ্ঞ দান সৱে বিড়ম্বন। কেৱল ভক্তিতে তুষ্ট হোন্ত নাৰায়ণ ১৬৫ যক্ষ ৰক্ষ স্ত্ৰী শূদ্ৰ দৈত্য ব্ৰজবাসী। পক্ষী মৃগো বিষ্ণু ভৈল কৃষ্ণক উপাসি জানি দৈত্য-শিশুসৱ হুয়ো একমতি। হৰিত কৰিছো সৱে একান্ত ভকতি। ১৬৬ এহি মাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ। শ্ৰৱণ কীৰ্তন কৰিবেক নিৰন্তৰ। সমস্ত ভূততে দেখিবেক নাৰায়ণ। আত পৰে আন ধৰ্ম সৱে বিড়ম্বন। ১৬৭ হেন শুনি নিৰন্তৰে দৈত্য-শিশুগণ। প্ৰাদৰ উপদেশে ভেদিলেক মন। গুৰুৰ শিক্ষাত আউৰ কেহো নেদে মতি। ভাগৱত ধৰ্ম্মত সৱাৰ লৈ ৰতি। ১৬৮ শুনে কৃষ্ণ কথাক মনত চিন্তে হৰি। ৰাম-নাম গাৱে বাৱে বেড়িয়া চাপৰি। দেখি ক্ৰোধে শঙামৰ্কে দণ্ডি কৰে আনি। তথাপি আটাস পাৰি বোলে ৰাম-বাণী। ১৬৯ অদ্ভুত দেখিয়া দুয়ো গুৰু গৈল ভৰি। দিলেক লৱড় প্ৰাদৰ হাতে ধৰি।