পৃষ্ঠা:Kirtan Ghosha.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
[ খণ্ড ৬
কীৰ্ত্তন-ঘোষা


ৰাজাত বিনাৱে তযু পুত্ৰ ভৈল নষ্ট।
আনোসৱ শিশুক কৰিলে সৱে ভ্ৰষ্ট॥ ১৭০
নপঢ়য় শাস্ত্ৰ আৰো প্ৰভু একো ছাত্ৰ।
মৰণকো নগণয় ৰাম বোলে মাত্ৰ॥
আমাক দণ্ডিবা পাছে দিলে আসি জান।
বোলা হৰি হৰি হোক পাপৰ নিৰ্য্য়াণ॥ ১৭১

ষোড়শ কীৰ্ত্তন

ঘোষা॥ ৰাম-পাৱে ভজ ভাই।
 ঘুষিয়ো হৰি সদায়॥ ১৬


পদ॥ হিৰণ্যকশিপু শুনিয়া হেন।
 ক্ৰোধত আতি কাম্পে যম যেন॥
 ঝঙ্কাৰে মাথা কৰি আতি দৰ্প।
 লাঠি পাই যেন ফোঙ্কাৰে সৰ্প॥ ১৭২
 প্ৰহ্লাদে আছে অৱনত-কায়।
 কৃতাঞ্জলি কৰি পিতৃক চাই॥
 অসুৰে গৰ্জ্জয় কটাক্ষে চাই।
 খাইবো আজি তোৰ মুণ্ড পুতাই॥ ১৭৩
 শুন ৰে বৰ্ব্বৰ নগণ মোক।
 দেখাইবো আজি যমপুৰী তোক॥


পা ১৭০॥ বিনাৱে - জোগাৱ, জনাৱে