পৃষ্ঠা:Kirtan Ghosha.pdf/১১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তনঘোবা [ খণ্ড ও লৈয়া উপদেশ মাধৱক আৰাধিব। যতেক সুকৃত মানে কৃষ্ণতে অৰ্পিব। কৃষ্ণ-কথা-শ্ৰৱণত শুদ্ধ হৈ মন। সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন। ১৬১ কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত। আছন্ত ঈশ্বৰ হৰি সমস্তে ভুতত। হেন জানি প্ৰাণীক কৰিবা সতকাৰ। তেৱেসে কৃষ্ণত ৰতি হৈবেক তোমাৰ৷ ১৬২ হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস। আপুনি লৈবন্ত হৰি হৃদয়ত বাস। আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়। তাঙ্ক এড়ি সামান্যক সেৱে দুৰাশয় ধন জন প্ৰাণ পুত্ৰ যত পৰিয়াৰ। সমস্তে অবস্তু অণুমাত্ৰো মুহি সাৰ। হেন অনুমানি মাধৱত কৰা ৰতি। ইহ পৰলোকে হৰি-চৰণেসে গতি ১৬৪ নলাগে ভক্তিতে দেৱ দ্বিজ ঋষি হুইবে। নলাগে সদ্ভুত শাস্ত্ৰ বিস্তৰ জানিবে। পা ১৬১ | সুৰুত-প্ৰকৃতি [ সৰ্বধৰ্পণেন-ভাগৱত ৭৭,