পৃষ্ঠা:Kamaratna Tantra.djvu/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

80


১০৪। অথ বিষ নাশন।

 মনুষ্যৰ হাত ভৰি গাৱত বিষ হৈলে মৃত প্ৰাণী মন্ত্ৰ জলত তিনিবাৰ জপি প্ৰাতনে তিনি গণ্ডুষ কৰি জল খাব। সাত দিন খালে নাশ। ইতি বিষ নাশন। ইতি কামৰত্নৰ দশম উপদেশ সমাপ্ত।


একাদশ পটল।

১০৫। অথ নানা কৌতুক।

 ১। মৈৰাৰ শিখাৰ গুৰি কৰি সাত দিন খাব। তাৰে বিষ্ঠা শস্যত লি পলে সেই শস্যৰ বৃদ্ধি হয় অলপতে ফল ধৰে।

 ২। আকণ বৃক্ষৰ মূলৰ গুৰি মিহলাই তিল তেল সাত দিন ৰদত শুকাই (পাচে পাক কৰি পুনু শুকাব। পুনু পাক কৰি দুখান কঁহৰ পাত্ৰত থৈ তেলিৰ গছৰ টটিক তেলেৰে লিপি পুনু পাক কৰি দুখান পত্ৰি জাপি ৰদত থৈ শুকাব। তলৰ পাত্ৰত বি তেল ঝৰি পৰে তাকে আকণ তেল বেলে। তাৰ আচৰ্য্য মহিমা। সেই তেল যেই শস্যত এক পক্ষ লিপে তাৰ অলপতে ফল ধৰে। পদ্মৰ গুটি গুৰি কৰি সেই তেল মিহলাই জলত পেলালে পদ্ম জন্মে। যি যি বৃক্ষৰ গুটিত লিপি ৰোৱে, বয় ততকালে গজে।


 ৩। বৃক্ষাদিৰ ফল, ফুলত, তাম্ৰ, কঁহ আদিত লিপিলে সুন্দৰ হয়।

 ৪। কাচমণিক জল দি বাটি তেল মিহলাই খৰম আদি উঠিবৰ কাঠত লিপিলে একে দণ্ডে চাৰি দণ্ডৰ পথ যাব। বদিবাৰ আসনত লিপি দিলে মাৰ্গে আসনত জটা লাগে। কাচমণিৰ গুৰি কৰি জল দি পাগ কৰি সাত