পৃষ্ঠা:Kamaratna Tantra.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

78


৯৯। অথ যন্ত্ৰ।

১। আগিয়াচিতাৰ ৰসেৰে ভূৰ্জপত্ৰত যন্ত্ৰ লিখিব। তাতে যাৰ নাম লিখি আকাৰ ঠানি তাৱে তাক দাহ জৰ পীড়া কৰে।

২। চামুণ্ডা মন্ত্ৰ পিপলি দি যাৰ নাম ধৰি অষ্টোত্তৰ সহস্ৰ হোম কৰে সেহি কুঠ ক্ষয় যায়। ইতি ব্যাধিকৰণ।

১০০। অথ কুমাৰৰ ভাণ্ড নাশন।

তালৰ ঠানি, কৰচাৰ গুট টেঙ্গাত মিহলাই তাতে মদন মন্ত্ৰ, গুৰু মন্ত্ৰ অষ্টোত্তৰ- শত জপি পাক ঘৰত পেলালে চৰু ফুটে। ইতি ভাও নাশন।

১০১। অথ তেলীৰ তেল নাশন।

চিত্ৰা নক্ষত্ৰত তলা কাঠৰ আঠ আঙ্গুল খলাত ও দহ দহ স্বাহা মই অষ্টোত্তৰ- শত জপি তেললিত পুত: তেল নাশ হয়। ইতি তেল নাশন।

১০২। অথ গুৱালৰ দুগ্ধ নাশন।

অনুৰাধা নক্ষত্ৰত জাম কাঠৰ আঁঠ অঙ্গুল খিলগোগৃহত পুতি থৈলে দুগ্ধ নাশ হয়। ইতি দুগ্ধ নাশন।

১০৩।কমাৰৰ লোহা নাশন।

ৰোহিণী নক্ষত্ৰত বগৰ কাঠৰ এবাৰ আঙ্গুল খিলা কমাৰশালত পুতিলে লোহ নাশ হয়। ইতি লোহা নাশন।